বিশ্বজুৰি শান্তি আৰু ভ্ৰাতৃত্ববোধৰ বাণী প্ৰচাৰৰ লক্ষ্যৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ গেলেফুত নিৰ্মাণ কৰা হ’ব ১০৮টা বৌদ্ধ স্তূপ। ভূটানৰ ৰাজকীয় চৰকাৰে গেলেফুক ‘মাইণ্ডফুলনেছ চিটি’ হিচাপে গঢ়ি তোলাৰ অভিলাষী পৰিকল্পনাৰ অংশ হিচাপে গ্ৰহণ কৰিছে এই বিশেষ কাৰ্যসূচী।
জানিব পৰা মতে, অহা ১ নৱেম্বৰত গেলেফু চহৰৰ মাও চু নৈৰ পাৰত প্ৰায় ১২ কিলোমিটাৰ এলেকা সামৰি মাত্ৰ ১৪ ঘণ্টাৰ ভিতৰতে ১০৮টা বৌদ্ধ স্তূপ, অৰ্থাৎ ‘জাংচুব চৰ্টেন’ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উদ্দেশ্যে প্ৰায় চাৰি হাজাৰ স্বেচ্ছাসেৱী নিৰ্মাণকৰ্মী নিয়োজিত হ’ব।
বিশ্বশান্তিৰ হকে আয়োজিত এই বিশেষ কাৰ্যসূচীত ২০খনতকৈও অধিক দেশৰ পৰ্যটক, বিনিয়োগকাৰী, ৰাষ্ট্ৰদূত আৰু বৌদ্ধ ধৰ্মীয় লামাৰ লগতে এক লক্ষাধিক লোকৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। ভূটানৰ এই ঐতিহাসিক কাৰ্যসূচীক কেন্দ্ৰ কৰি ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং জিলাতো ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে।
ছামথাইবাৰীৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰিলৈকে বিটিচি প্ৰশাসনে বিভিন্ন প্ৰস্তুতি গ্ৰহণ কৰিছে। আনহাতে, চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত ছামথাইবাৰীৰ পৰা ভূটানৰ গেলেফুলৈ যোৱা প্ৰায় ৪০ কিলোমিটাৰ পথত বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
ইফালে, বিভিন্ন দেশ বিদেশৰ পৰা ভূটানৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অতিথি আৰু পৰ্যটক সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে বিটিচি প্ৰশাসনৰ উদ্যোগত ছামথাইবাৰী আৰু দাদগিৰিত নিৰ্মাণ কৰা হৈছে দুটাকৈ আটকধুনীয়া আদৰণি তোৰণ।
বুধবাৰে এই তোৰণ দুটাৰ আনুষ্ঠানিক উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে। আজিৰ উদ্বোধনী কাৰ্য্যসূচীত উপস্থিত থাকে চিদলী-চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, বিটিচিৰ কাৰ্য্যবাহী সদস্য জেমছ বসুমতাৰী, ধীৰাজ বৰগয়াৰী, পাৰিষদ ক্ৰমে শুকুৰসিং মুছাহাৰী, নন্দলাল মগৰ, জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্ম, জেষ্ঠ্য আৰক্ষী অধীক্ষক ধ্ৰুব বৰাসহ অন্যান্য বিপিএফৰ নেতা কৰ্মী ।
দাদগিৰিত আদৰণি তোৰণ উদ্বোধন কাৰ্য্যসূচীৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। মহিলাৰীয়ে ৰাইজৰ উদ্দেশ্যি কয় যে- ভূটানৰ গেলেফু চহৰখনক যিহেতু ‘মাইণ্ডফুলনেছ মেগাচিটি’ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে, সেয়েহে তাৰ সৈতে সংগতি ৰাখি চিৰাং জিলাৰ সীমান্তৱৰ্তী দাদগিৰিকো এখন পৰিকল্পিত টাউনশ্বিপ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ।
ইয়াত উন্নত বাটপথ, উপযুক্ত স্বাস্থ্য সেৱা, গুণগত শিক্ষাৰ প্ৰতিষ্ঠান আদি স্থাপন কৰা হ’ব বুলি সদৰী কৰে হাগ্ৰামা মহিলাৰীয়ে। ইয়াৰ বাবে যাৱতীয় কামকাজ আৰম্ভ হৈ গৈছে আৰু কিছুদিনৰ পিছত নিবিদা আহ্বান কৰা হ’ব । এই পৰিকল্পনা বাস্তৱায়িত হ’লে অঞ্চলটোত পৰ্যটন, বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, দাদগিৰিত নতুনকৈ স্থাপন কৰা ইমিগ্ৰেচন কেন্দ্ৰৰ সন্মুখত বিদেশী পৰ্যটকসকলৰ সুবিধাৰ্থে বিটিচি প্ৰশাসনে এটা বিশেষ অতিথিশালাৰ ব্যৱস্থা কৰিছে। তদুপৰি, অসমৰ পৰম্পৰাগত হস্ততাঁত আৰু বয়নশিল্প, এৰি-মুগা শিল্প তথা পৰ্যটন খণ্ডক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে তিনিটাকৈ প্ৰদৰ্শনী আৰু বিপণন কেন্দ্ৰ স্থাপন কৰা হৈছে।
ভূটানৰ এই বৃহৎ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীক কেন্দ্ৰ কৰি ভাৰত-ভূটান সীমান্তত সৃষ্টি হোৱা তৎপৰতাই দাদগিৰিৰ পৰ্যটন আৰু বাণিজ্যিক সম্ভাৱনাক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।











