• About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit
Bortoman Xomoy | Breaking News Assam & Northeast
Read Today's E-Paper Read Newspaper Online
Download Our Mobile App Available on Google Play
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
Bortoman Xomoy | Breaking News Assam & Northeast
No Result
View All Result
Home বিশ্ব

“চীনক আৰু কিমান ক্লিন চিট দিয়া হ’ব…”

Bortoman Xomoy by Bortoman Xomoy
November 1, 2026
in বিশ্ব
0
“চীনক আৰু কিমান ক্লিন চিট দিয়া হ’ব…”
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সীমান্ত শত্ৰু ৰাষ্ট্ৰৰ গাত লাগি আছে। চিৰবৈৰী পাকিস্তান, বাংলাদেশ আৰু চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক বৰ বিশেষ ভাল নহয়। প্ৰায়ে পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ ৰচে। তাৰ লগতে বাংলাদেশেও ভাৰতৰ হিতৰ বাবে চিন্তা নকৰে। তদুপৰি চীনে অৰুণাচলপ্ৰদেশৰ বহু এলেকা নিজৰ মেপত অন্তৰ্ভুক্ত কৰাৰ চিন্তা-চৰ্চা কৰিয়েই থাকে। 

এনে পৰিৱেশ-পৰিস্থিতিৰ মাজতে ভাৰত-তিব্বত সীমান্ত আৰক্ষী (ITBP)য়ে নিজৰ প্ৰশিক্ষণ আৰু কাৰ্যকৰী কৌশলৰ ব্যাপক পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে। ২২ অক্টোবৰ, ২০২৬ত ৰাজস্থানৰ আলৱাৰত অৱস্থিত কেন্দ্ৰীয় প্ৰশিক্ষণ মহাবিদ্যালয়ত (CTC) অনুষ্ঠিত ‘হিমবীৰ সন্মান সমাৰোহ’ত ভাষণ দি ITBPৰ সঞ্চালক প্ৰধান শত্ৰুজিৎ কাপুৰে কয় যে- শেহতীয়াকৈ চীনা সৈন্যৰ সৈতে হোৱা মুখামুখি পৰিস্থিতিৰ সময়ত নৱগঠিত ‘শৌৰ্য্য কমাণ্ডো’সকলে প্ৰশংসনীয় কাম কৰিছে। তেওঁৰ মতে, অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানত এই মুখামুখি পৰিস্থিতি এতিয়াও অব্যাহত আছে।

ইপালে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে কয় যে- চীনা সেনা বাহিনীয়ে নিৰ্ধাৰিত টহলদাৰীৰ নিয়মিত পদ্ধতিৰ পৰা আঁতৰি গ’লে সীমান্তৰ পৰিস্থিতি মাজে-সময়ে অশান্ত হৈ পৰে। আনহাতে, ITBPৰ সঞ্চালক প্ৰধানে কৰা এই মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হয়। কাৰণ ২০২০ চনৰ জুনত লাডাখৰ গালৱানত চীনা সৈন্যৰ আক্ৰমণত ২০জন ভাৰতীয় সৈন্য নিহত হোৱাৰ পাছত সীমান্তত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছিল যদিও, শেহতীয়া বছৰবোৰত ভাৰত চৰকাৰে সীমান্ত বা LACৰ পৰিস্থিতি ‘স্থিৰ’ বুলি উল্লেখ কৰি আহিছে।

অৰুণাচলত মুখামুখি পৰিস্থিতি অব্যাহত থকা সন্দৰ্ভত ITBPৰ মুৰব্বীৰ মন্তব্যৰ বিষয়ে সোধাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুকুৰবাৰে সংবাদমেলত এই বিষয়ৰ নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে। 

তেওঁ কয়- “এই সন্দৰ্ভত মই আপোনালোকক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিম।” অৱশ্যে তেওঁ লগতে কয়- “আমি পূৰ্বেও উল্লেখ কৰাৰ দৰে চীনা বাহিনীয়ে নিৰ্ধাৰিত টহলদাৰীৰ পদ্ধতিৰ পৰা আঁতৰি গ’লে ভাৰত-চীন সীমান্ত অঞ্চলৰ পৰিস্থিতি মাজে-সময়ে অশান্ত হৈ পৰে।”

তেওঁ আৰু কয়- “LACৰ সমীপত থকা অমীমাংসিত বিষয়সমূহৰ সমাধানৰ লগতে ভুল বুজাবুজি আৰু ভুল হিচাপ-নিকাচৰ সম্ভাৱনা এৰাই চলিবলৈ দুয়োপক্ষই বৰ্তমানৰ কূটনৈতিক আৰু সামৰিক ব্যৱস্থাসমূহৰ জৰিয়তে আলোচনা অব্যাহত ৰাখিছে। সীমান্তৰ উন্নত ব্যৱস্থাপনাৰ স্বাৰ্থত অধিক উপযুক্ত অঞ্চলসমূহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ বিষয়ে পাৰস্পৰিক বুজাবুজি উন্নত কৰাৰ উপায়সমূহ আলোচনা কৰিবলৈও দুয়োপক্ষ সন্মত হৈছে।”

তেওঁ জোৰ দি কয় যে, ভাৰতৰ স্থিতি হৈছে- “সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বজাই ৰখাটো দ্বিপাক্ষিক সম্পৰ্কৰ সামগ্ৰিক উন্নয়নৰ বাবে অত্যন্ত প্ৰয়োজনীয়।” বৃহস্পতিবাৰে ITBPৰ সঞ্চালক প্ৰধান কাপুৰে ৰাজস্থানৰ এটা বাহিনী শিবিৰত নিজৰ জোৱানসকলক সম্বোধন কৰে। তাত তেওঁ কয়, “বিগত কেইদিনমানত অৰুণাচলৰ কেইবাটাও স্থানত মুখামুখি পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই পৰিস্থিতি এতিয়াও অব্যাহত আছে।”

কাপুৰে কয় যে, ITBPয়ে ‘শৌৰ্য কমাণ্ডো’ নামৰ এটা নতুন যুঁজাৰু দল গঠন কৰিছে। অৰুণাচল প্ৰদেশৰ একাধিক স্থানত চীনৰ পিপলছ লিবাৰেচন আৰ্মি (PLA)ৰ সৈন্যৰ সৈতে চলি থকা মুখামুখি পৰিস্থিতিৰ সময়ত এই কমাণ্ডোসকলে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। ITBPৰ মুৰব্বীগৰাকীয়ে চীন সীমান্তক বাহিনীটোৰ বাবে “আটাইতকৈ কঠিন” সীমান্ত বুলি অভিহিত কৰে।তেওঁ চীনক এখন শক্তিশালী দেশ আৰু ভাৰতৰ “সৰ্ববৃহৎ প্ৰতিদ্বন্দ্বী” বুলিও উল্লেখ কৰে।

কাপুৰে কয়, “পৰম্পৰাগত পদ্ধতিৰে চীনৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাটো কঠিন হ’ব। তেওঁলোকে নিজৰ PLAৰ আধুনিকীকৰণ কৰিছে আৰু ইয়াত বিপুল বিনিয়োগ কৰিছে। কিন্তু ড্ৰ’নৰ এনে ক্ষমতা আছে যে এখন সৰু দেশেও এখন বৃহৎ দেশক উচিত প্ৰত্যুত্তৰ দিব পাৰে। ড্ৰ’নৰ আগমনৰ পাছত পৰম্পৰাগত সেনাবাহিনীৰ ভূমিকা সলনি হৈছে। সেয়েহে আমি বৃহৎ পৰিসৰত ড্ৰ’ন আৰু ড্ৰ’ন প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।”

উল্লেখ্য যে, ১৯৬২ চনত গঠন হোৱা ITBP-এ চীনৰ সৈতে থকা ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ LAC পহৰা দিয়ে। কাপুৰৰ এই মন্তব্যৰ কেইসপ্তাহমান পূৰ্বে চীনা সীমান্তৰ পৰিস্থিতি স্থিৰ বুলি অভিহিত কৰিছিল চীফ অৱ ডিফেন্স ষ্টাফ (CDS) জেনেৰেল এন এছ ৰাজা সুব্ৰমনীয়ে। ছেপ্টেম্বৰ মাহত এক সাক্ষাৎকাৰত তেওঁ কৈছিল, “মোৰ মতে চিন্তাৰ কোনো কাৰণ নাই।”

ইফালে, যোৱা সপ্তাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে- চীনৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাৰ বাবে সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। আনহাতে, দিল্লীত অনুষ্ঠিত ‘ব্লুমবাৰ্গ নিউ ইকনমি ফ’ৰাম’ত মন্ত্ৰীগৰাকীয়ে কয়- “আপুনি যদি মোক সোধে যে ২০২৫ চনৰ তুলনাত আজি সম্পৰ্ক উন্নত হৈছে নেকি, তেন্তে মই ক’ম- হয়, হৈছে। ২০২৪ চনৰ সৈতে তুলনা কৰিলে এই উন্নতি আৰু অধিক স্পষ্ট।”

ৰাজনৈতিক পৰ্যায়ত দুয়োখন দেশৰ সম্পৰ্কত এক নতুন পৰিৱৰ্তন দেখা গৈছে। যোৱা এবছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আন ভাৰতীয় নেতাসকলে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ দৰে নেতাৰ সৈতে বৈঠকত মিলিত হৈছে। ইফালে, চীনৰ পৰা ভাৰতলৈ আমদানিৰ পৰিমাণো বৃদ্ধি পাই আছে।

আনহাতে, ITBPৰ সঞ্চালক প্ৰধান শত্ৰুজিৎ কাপুৰৰ মন্তব্যৰ পাছত সামাজিক মাধ্যমত পোষ্ট কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে। তেওঁ Xত পোষ্ট দি প্ৰশ্ন কৰিছে যে- চীনক আৰু কিমানবাৰ ৰেহাই দিয়া হ’ব? 

তেওঁ সামাজিক মাধ্যমত লিখিছে- “চীনক আৰু কিমানবাৰ ক্লিন চিট দিয়া হ’ব? প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীৰ সন্মুখত প্ৰকৃত সত্য প্ৰকাশ কৰক! তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিয়াটো এতিয়া অত্যন্ত জৰুৰী-

১. ৰাষ্ট্ৰীয় নিৰাপত্তা

অৰুণাচল প্ৰদেশত চীনা পিপলছ লিবাৰেচন আৰ্মি (PLA)ৰ সৈতে মুখামুখি পৰিস্থিতি অব্যাহত থকাৰ বিষয়ে ITBPৰ সঞ্চালক প্ৰধানৰ নিশ্চিতকৰণ গভীৰ উদ্বেগৰ বিষয়। ডোকলাম আৰু গালৱানৰ পাছত পুনৰ আন এক গুৰুতৰ সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি?

আগষ্ট মাহত টাকচিঙৰ ওচৰত চীনা অনুপ্ৰৱেশৰ খবৰ প্ৰকাশ পাইছিল। তথাপি, ৱাচা–দামাইত অনুষ্ঠিত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ ৪৭ দিনৰ পাছতো মুখামুখি পৰিস্থিতি অব্যাহত আছে। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ। তেন্তে দেশবাসীক অন্ধকাৰত ৰখা হৈছে কিয়?

২. অৰ্থনৈতিক নিৰাপত্তা

গালৱানত ২০জন সাহসী ভাৰতীয় সেনাই প্ৰাণ আহুতি দিয়াৰ পিছৰে পৰা (২০২০–২১ বিত্তীয় বৰ্ষৰ পৰা) চীনৰ পৰা ভাৰতৰ আমদানি ১০২% বৃদ্ধি পাইছে। আনহাতে, চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক লোকচান ১৫৫% বৃদ্ধি পাই ১১২.১৬ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে।
আনকি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও স্বীকাৰ কৰিছে যে- চীনে ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিত বাধাৰ সৃষ্টি কৰে। তথাপি চৰকাৰে চীনা বিনিয়োগৰ ওপৰত থকা নিষেধাজ্ঞাসমূহ শিথিল কৰিছে আৰু চীনৰ সৈতে জড়িত যোগ্য উদ্যোগসমূহক উৎপাদন-সংলগ্ন উদগনি (PLI) দিয়াৰ কথাও বিবেচনা কৰিছে। তেন্তে ‘মেক ইন ইণ্ডিয়া’ আঁচনি ‘ইমপ’ৰ্ট ফ্ৰম চায়না’লৈ পৰিণত হৈছে নেকি?

৩. কূটনৈতিক জবাবদিহিতা

MALLIKART5LKSDFJKDSF

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত বৈঠক আৰু পাৰস্পৰিক বাৰ্তালাপ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ অংশগ্ৰহণেৰে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা, WMCCৰ ৩৬খন বৈঠক, লগতে ধাৰাবাহিকভাৱে অনুষ্ঠিত SCO আৰু BRICS সন্মিলনসমূহ— এই সকলোবোৰ কূটনৈতিক প্ৰচেষ্টাৰ পৰা ভাৰতে বাস্তৱত কি লাভ কৰিছে? 

আমাৰ সশস্ত্ৰ বাহিনীৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। কিন্তু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত জবাবদিহিতা অত্যাৱশ্যক- কেৱল কূটনৈতিক ফটো তোলা আৰু আলিংগন-কূটনীতিৰ কোনো মূল্য নাই! বিৰোধীক আক্ৰমণ কৰাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংসদ আৰু সমগ্ৰ দেশবাসীক প্ৰকৃত পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব লাগে বুলিও দাবী উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। 

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ লগতে দলটোৰ সাংসদ জয়ৰাম ৰমেশে অভিযোগ উত্থাপন কৰি কয় যে- চীনা সৈন্যৰ সৈতে হোৱা মুখামুখি পৰিস্থিতিৰ বিষয়ত ভাৰত চৰকাৰে নীৰৱতা অৱলম্বন কৰি আছে। ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টত তেওঁ লিখে- “২০২০ চনৰ ১৯ জুনত প্ৰধানমন্ত্ৰীয়ে চীনক যিখন কুখ্যাত ‘ক্লিন চিট’ দিছিল, তাৰ মূল্য ভাৰতে ভুগিবলগীয়া হৈছে।”

তেওঁ লগতে কয়, “নিজকে ‘বিশ্বগুৰু’ বুলি দাবী কৰা প্ৰধানমন্ত্ৰীয়ে চীনক হিচাপ-নিকাচ কৰি ধাৰাবাহিকভাৱে ৰেহাই দি থকাৰ সময়তে, ITBPৰ সঞ্চালক প্ৰধানে অৰুণাচল প্ৰদেশত শেহতীয়াকৈ PLA-ৰ সৈতে হোৱা মুখামুখি পৰিস্থিতিৰ সময়ত বাহিনীটোৱে প্ৰদৰ্শন কৰা ভূমিকাৰ প্ৰশংসা কৰিছে।”

Previous Post

বিশ্বশান্তিৰ হকে ভূটানত ১০৮টা বৌদ্ধ স্তূপ নিৰ্মাণৰ বিশেষ কাৰ্যসূচী

Next Post

আমেৰিকাৰ হেঁচাৰ পিছতো ৰাছিয়াৰ তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ, দুসপ্তাহৰ বিৰতিৰ অন্ত

Bortoman Xomoy

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

সংযুক্ত হৈ থাকক

  • 24k Followers
  • 99 Subscribers
  • Trending
  • Comments
  • Latest
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

October 15, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

September 23, 2026
জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

November 13, 2026
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

0
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

0
বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

0
Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

0
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

November 13, 2026
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

November 13, 2026
মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

November 13, 2026

শেহতীয়া সংযোজন

Bortoman Xomoy” is a registered multilingual weekly publication based in Assam, India, according to the Press Registrar General of India.

Follow Us

Browse by Category

  • Blog
  • public
  • অপৰাধনামা
  • অসম
  • কেৰিয়াৰ
  • ক্ৰীড়া
  • গুৱাহাটী
  • জীৱনশৈলী
  • দেশ
  • প্ৰযুক্তি
  • বিশ্ব
  • ব্যৱসায়
  • মনোৰঞ্জন

Recent News

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

November 13, 2026
  • About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit

© 2026 Bortoman Xomoy

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ

© 2026 Bortoman Xomoy