আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ফ্ল’ৰিডাৰ পাম বিচ কাউণ্টিত দেওবাৰে সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত বিমানখনত থকা ৯ গৰাকী যাত্ৰীৰেই মৃত্যু ঘটে। মাৰ্কিন পৰিবহণ সচিবে এই দুৰ্ঘটনাটোত বিমানখনত থকা আটাইকেইজন লোকৰ প্ৰাণহানি হোৱা বুলি আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি, যাত্ৰী কঢ়িয়াই নিয়া আমেৰিকাৰ ব্যৱসায়িক জেট বিমানখন দেওবাৰে দুপৰীয়া দক্ষিণ ফ্ল’ৰিডাৰ এটা আৱাসিক এলেকাৰ ওপৰত হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ গতিত তললৈ খহি পৰে। বিমানখন ভূমিত স্পৰ্শ কৰাৰ লগে লগে এক প্ৰচণ্ড শব্দৰ সৈতে ভয়ংকৰ বিস্ফোৰণ ঘটে আৰু চাৰিওফালে ডাঠ ক’লা ধোঁৱাই আৱৰি ধৰে।
উল্লেখ্য যে, দুৰ্ঘটনাটো ভয়ংকৰ আছিল যদিও সৌভাগ্যক্ৰমে বিমানখনে কোনো বাসগৃহ বা অট্টালিকাত পোনপটীয়াকৈ খুন্দা মৰা নাছিল। ই এটা ব্যস্ত পথৰ কাষতে খহি পৰে, যাৰ ফলত স্থলভাগত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা যোৱা নাই। অৱশ্যে, দুৰ্ঘটনাস্থলীৰ কাষতে থকা এটা বাসগৃহ অঞ্চলৰ প্ৰায় ৬০০ জন লোকক সুৰক্ষামূলকভাৱে স্থানান্তৰ কৰা হয়।
দুৰ্ঘটনাৰ সময়ত সেই পথটোৰে পাৰ হৈ যোৱা কেইখনমান বাহনৰ ডাচ-কেমেৰাত সমগ্ৰ ঘটনাটো বন্দী হৈছে। ভাইৰেল হৈ পৰা সেই দৃশ্যসমূহত বিমানখন আকাশৰ পৰা তীব্ৰ বেগেৰে তললৈ নামি অহা দেখা গৈছে।
সংবাদ মাধ্যমৰ তথ্য অনুসৰি, বতৰৰ প্রতিকূলতা আৰু প্ৰবল বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। বৰ্তমান ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেচন আৰু ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে যান্ত্ৰিক বিজুতি নে অন্য কি কাৰণত এই দুৰ্ঘটনা সংঘটিত হ’ল, তাৰ তদন্ত আৰম্ভ কৰিছে।











