ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই এক নতুন তথা ধংসাত্মক ৰূপ লৈছে।দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজ্জিয়া জিলাৰ কমিছুভাখা (Komyshuvakha) গাঁৱত থকা এখন বিদ্যালয়ত ৰাছিয়াই চলোৱা বিমান আক্ৰমণত কমেও ২৬ জন লোক প্ৰাণ হেৰুওৱাৰ খবৰ পোৱা গৈছে।
ইউক্ৰেইনৰ জৰুৰীকালীন সেৱা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, আক্ৰমণৰ লক্ষ্য হৈ পৰা বিদ্যালয়খন সাধাৰণ নাগৰিকক মানৱীয় সাহায্য আৰু খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
উল্লেখ্য যে,আক্ৰমণটোত নিহত ২৯ জন লোকৰ ভিতৰত কৰ্তব্যৰত দুজন সাহায্য-উদ্ধাৰকাৰী কৰ্মী (First responders) আৰু চাৰিজন আৰক্ষী বিষয়া আছে।ইয়াৰ উপৰিও ৫ জন গুৰুতৰভাৱে আহত লোকক স্থানান্তৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।প্ৰথম আক্ৰমণৰ পিছতে আশ্ৰয় শিবিৰটো লক্ষ্য কৰি পুনৰ ধাৰাবাহিকভাৱে ৯টাতকৈও অধিক গাইডেড গাইড বোমা (FAB aerial bombs) নিক্ষেপ কৰাৰ ফলত ধ্বংসস্তূপৰ তলত আৰু বহু লোক আবদ্ধ হৈ পৰে।বৰ্তমান উদ্ধাৰকাৰী দলে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলাই আছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে এই আক্ৰমণক অতি নিকৃষ্ট আৰু সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।সংঘাত হ্ৰাস কৰাৰ কোনো ইচ্ছা ৰাছিয়াৰ নাই বুলি মন্তব্য কৰাৰ লগতে তেওঁ বিশ্ব সম্প্ৰদায়ক ইয়াৰ বিৰুদ্ধে এক কঠোৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়।
ইফালে, আন এক বিবৃতিত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰা মতে, তেওঁলোকৰ আকাশমাৰ্গীয় সুৰক্ষা ব্যৱস্থাটোৱে ইউক্ৰেইনৰ ফালৰ পৰা অহা ২০০তকৈও অধিক চোৰাং ড্ৰ’ন ধ্বংস কৰিবলৈ সক্ষম হৈছে। এই ধাৰাবাহিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণে ৰাছিয়া-ইউক্ৰেইন যুদ্ধখনক এক অভূতপূৰ্ব অনিশ্চয়তাৰ দিশলৈ লৈ গৈছে আৰু সাধাৰণ নাগৰিকৰ নিৰাপত্তাক লৈ বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে।











