প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন অধিক তীব্ৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ‘জুবিন গাৰ্গ ন্যায় দাবী সমিতি’য়ে। শুকুৰবাৰে নিশা অনুষ্ঠিত সমিতিৰ অনলাইন বৈঠকত পাঁচটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অহা ৫ নৱেম্বৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অন্যতম।
সমিতিয়ে জনোৱা অনুসৰি, ৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ দুজন প্ৰধান অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত শুনানি অনুষ্ঠিত হ’ব। ইয়াৰ এদিন পূৰ্বে গণ সমাৱেশৰ আয়োজন কৰা হ’ব। শুনানিৰ দিনা ভাৰত চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত উপস্থিত থাকি অভিযুক্তসকলৰ জামিনৰ বিৰোধিতা কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে সমিতিয়ে।
ইফালে, জামিন লাভ কৰা দুগৰাকী অভিযুক্তৰ জামিন নাকচ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জনাইছে সমিতিয়ে। অৱশ্যে অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ সংকল্প গ্ৰহণ কৰা হৈছে।











