• About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit
Bortoman Xomoy | Breaking News Assam & Northeast
Read Today's E-Paper Read Newspaper Online
Download Our Mobile App Available on Google Play
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ
No Result
View All Result
Bortoman Xomoy | Breaking News Assam & Northeast
No Result
View All Result
Home মনোৰঞ্জন

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

Bortoman Xomoy by Bortoman Xomoy
November 1, 2026
in মনোৰঞ্জন
0
২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ ২৫ কোটিৰ বাজেটেৰে নিৰ্মিত এখন চিনেমাই ৩৩০ কোটিৰো অধিক উপাৰ্জন কৰিছে! মালয়ালম চিনেমা ‘বেথলেহম কুডুম্বা ইউনিট’ এতিয়া বক্স অফিচত সফলতাৰ নতুন নিদৰ্শন। নিভিন পৌলী আৰু মমিথা বাইজু অভিনীত এই ৰোমান্টিক কমেডীখনে বহুচৰ্চিত চিনেমা ‘লোকা অধ্যায় ১: চন্দ্ৰ’ক অতিক্ৰম কৰিছে। শেহতীয়াকৈ অ’টিটিত মুক্তি পোৱাৰ পাছত ছবিখনৰ প্ৰতি বিদেশৰ দৰ্শকেও আগ্ৰহ দেখুৱাইছে।

প্ৰতিবেদন অনুসৰি চিনেমাখনৰ বিশ্বব্যাপী আয় ৩৩০ কোটি ৯৩ লাখ টকা। ইয়াৰে ১৯২ কোটি ৪৮ লাখ ভাৰতীয় বজাৰৰ পৰা আৰু ১৩৮ কোটি ৪৫ লাখ বিদেশী বজাৰৰ পৰা আহিছে। ভাৰতৰ নেট আয় ১৬৪ কোটি ৯১ লাখ। অৰ্থাৎ বিশ্বজুৰি মুঠ আয় নিৰ্মাণ ব্যয়ৰ প্ৰায় ১৩ গুণ।

চিনেমাখনৰ পৰিচালক গিৰীশ এ.ডি.। কাহিনীটোত প্ৰেম, বয়সৰ ব্যৱধান, লাজ আৰু সম্পৰ্কৰ জটিলতাক লৈ নিৰ্মাণ কৰা ছবিখনৰ কাহিনীত ফুটি উঠিছে সাধাৰণ মানুহৰ চিনাকি জীৱনশৈলী। পৰম্পৰাগত ৰোমান্টিক চিনেমাৰ আত্মবিশ্বাসী নায়কৰ পৰিৱৰ্তে ইয়াত নিভিন পৌলীক দেখা গৈছে লাজুক আৰু দ্বিধাগ্ৰস্ত চৰিত্ৰত। ত্ৰিশ বছৰৰ উৰ্ধৰ জাষ্টিন নামৰ কেটাৰাজন নিজৰ কামত নিৰ্ভৰযোগ্য যদিও প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট অস্বস্তিকৰ। কাষৰ ঘৰৰ কলেজীয়া ছোৱালী এজনীৰ আগ্ৰহে তেওঁক এক নতুন পৰিস্থিতিৰ মুখামুখি কৰে।

নিভিন আৰু মামিথাৰ অন-স্ক্ৰীণ কেমিষ্ট্ৰি, স্বাভাৱিক অভিনয় আৰু দৈনন্দিন জীৱনৰ হাস্যৰস চিনেমাখনৰ অন্যতম আকৰ্ষণ। বিনয় ফ’ৰ্ট, সুৰেশ কৃষ্ণ, শ্যাম মোহন আৰু শ্ৰীন্দাইও চিনেমাখনত অভিনয় কৰিছে।

ইয়াৰ পূৰ্বে গিৰীশ এডিয়ে ‘থান্নিৰ মথান দিনাংগল’, ‘ছুপাৰ শৰণ্যা’ আৰু ‘প্ৰেমালু’ৰ দৰে চিনেমা নিৰ্মাণ কৰি সুখ্যাতি অৰ্জন কৰিছিল। তেওঁৰ চিনেমাবোৰৰ বিশেষত্ব হ’ল জটিল কাহিনীৰ পৰিৱৰ্তে চিনাকি চৰিত্ৰ, সাৱলীল সংলাপ আৰু সৰু সৰু ঘটনাৰ জৰিয়তে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰা। ‘বেথলেহম কুডুম্বা ইউনিট’ৰ সফলতাত দৰ্শকৰ মুখে মুখে প্ৰচাৰে ডাঙৰ ভূমিকা পালন কৰিছে।

এই চিনেমাখনৰ পূৰ্বে সৰ্বাধিক উপাৰ্জনকাৰী মালয়ালম ছবিৰ অভিলেখ আছিল ‘লোকা অধ্যায় ১: চন্দ্ৰ’। কল্যাণী প্ৰিয়দৰ্শন অভিনীত আৰু ডমিনিক অৰুণৰ পৰিচালিত ছবিখনৰ বিশ্বব্যাপী সংগ্ৰহ আছিল প্ৰায় ৩০১.৪১ কোটি টকা। ‘বেথলেহম কুডুম্বা ইউনিটে’ নতুন আয়েৰে সেই অভিলেখ অতিক্ৰম কৰিছে।

সৰ্বাধিক উপাৰ্জন কৰা মালয়ালম ছবিৰ তালিকাত ‘এল ২: এম্পুৰাণ’, ‘মঞ্জুমেল বয়ছ’ আৰু ‘দৃশ্যম ৩’ও আছে। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তথ্য অনুসৰি এই ছবিসমূহৰ বিশ্বব্যাপী সংগ্ৰহ ক্ৰমে প্ৰায় ২৬৬.৮১ কোটি, ২৪১.৩ কোটি আৰু ২৩৯.৮৩ কোটি টকা।

গিৰীশ এ ডিৰ ছবিৰ সফলতাৰ অন্যতম ৰহস্য হৈছে সৰল কাহিনী আৰু চিনাকি জীৱনৰ উপস্থাপন। প্ৰেম, বন্ধুত্ব, প্ৰত্যাখ্যান আৰু দৈনন্দিন জীৱনৰ হাস্যৰসে দৰ্শকৰ সৈতে সহজেই সংযোগ স্থাপন কৰে। তেওঁৰ পূৰ্বৰ ছবি ‘প্ৰেমালু’ ৮ৰ পৰা ১০ কোটি টকাৰ বাজেটত নিৰ্মাণ কৰি ১৩০ কোটিৰো অধিক উপাৰ্জন কৰিছিল। ‘থান্নিৰ মাথান দিনাংগল’ আৰু ‘ছুপাৰ শৰণ্যা’ইও তেওঁৰ স্বীকৃতি বৃদ্ধি কৰিছে।

ছবিখন তামিল আৰু তেলেগু সংস্কৰণৰ লগতে মালয়ালম ভাষাতো মুক্তি লাভ কৰিছে। চিনাকি জীৱন কাহিনী, অভিনয়, দৰ্শকৰ ইতিবাচক প্ৰচাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণৰ সমন্বয়ৰে ২৫ কোটি টকাৰ এই ছবিখনে এতিয়া ৩৩০ কোটি টকাৰ ব্যৱসায় অতিক্ৰম কৰি মালয়ালম চিনেমাত নতুন ইতিহাস সৃষ্টি কৰিছে।

Previous Post

২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

Next Post

প্ৰবীণ অভিনেতা অনন্ত নাগলৈ ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা

Bortoman Xomoy

Bortoman Xomoy

Next Post
প্ৰবীণ অভিনেতা অনন্ত নাগলৈ ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা

প্ৰবীণ অভিনেতা অনন্ত নাগলৈ ২০২৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

সংযুক্ত হৈ থাকক

  • 24k Followers
  • 99 Subscribers
  • Trending
  • Comments
  • Latest
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

October 15, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

September 23, 2026
জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

জাগীৰোডত কেইবাটাও দাবীৰে তিৱা সংগঠনৰ গণধৰ্ণা

November 13, 2026
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

জুবিন গাৰ্গ চিৰদিন জীয়াই থাকিব অসমীয়া জাতিৰ হৃদয়ত

0
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, মহান বিজ্ঞানী ড° এ. পি. জে. আব্দুল কালাম

0
বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

বিলাস ইন্ হত্যাকাণ্ডৰ তদন্তৰ মাজতে আৰক্ষীত বৃহৎ ৰদ-বদল!

0
Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

Guwahati on proposed Bullet Train map: বুলেট ট্ৰেইনৰ মানচিত্ৰত স্থান পালে গুৱাহাটীয়ে, দিল্লীৰ পৰা পাটনা হৈ উত্তৰ-পূবলৈ হাইস্পীড ৰে’লৰ পৰিকল্পনা কেন্দ্ৰৰ

0
অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

November 13, 2026
হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি

November 13, 2026
মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

মোদীয়ে মোৰ ফোন টেপ কৰাইছে: ৰাহুল গান্ধী

November 13, 2026

শেহতীয়া সংযোজন

Bortoman Xomoy” is a registered multilingual weekly publication based in Assam, India, according to the Press Registrar General of India.

Follow Us

Browse by Category

  • Blog
  • public
  • অপৰাধনামা
  • অসম
  • কেৰিয়াৰ
  • ক্ৰীড়া
  • গুৱাহাটী
  • জীৱনশৈলী
  • দেশ
  • প্ৰযুক্তি
  • বিশ্ব
  • ব্যৱসায়
  • মনোৰঞ্জন

Recent News

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

অসহায় টিম ইণ্ডিয়া! ৮৯ ৰানত অল আউট, নিউজিলেণ্ডৰ বিৰুদ্ধে ২৪৪ ৰানত লজ্জাজনক পৰাজয়

November 13, 2026
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিবলৈ বিশেষ সংসদ অধিৱেশনৰ পৰিকল্পনা কেন্দ্ৰৰ

November 13, 2026
  • About Us
  • Advertise
  • Privacy & Policy
  • Contact
  • Apply Visit

© 2026 Bortoman Xomoy

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • অপৰাধনামা
  • মনোৰঞ্জন
  • ব্যৱসায়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • বিশ্ব
  • কেৰিয়াৰ

© 2026 Bortoman Xomoy