ভাৰতৰ প্ৰস্তাৱিত হাইস্পীড ৰে’ল নেটৱৰ্কত স্থান লাভ কৰিলে গুৱাহাটীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুলেট ট্ৰেইন প্ৰকল্পৰ উত্তৰ কৰিড’ৰত অনুমোদন জনোৱাৰ পাছতে দিল্লীৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান চহৰ গুৱাহাটীক সংযোগ কৰাৰ পৰিকল্পনাই বিশেষ চৰ্চা লাভ কৰিছে। শনিবাৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য সদৰী কৰে।
ৰে’লমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰস্তাৱিত কৰিড’ৰটো দিল্লীৰ পৰা আৰম্ভ হৈ আগ্ৰা, কানপুৰ, লক্ষ্ণৌ আৰু অযোধ্যাৰ মাজেৰে বাৰাণসী আৰু পাটনা হৈ গুৱাহাটীলৈ সম্প্ৰসাৰিত হ’ব।
এই প্ৰকল্প ৰূপায়ণ হ’লে অসম আৰু উত্তৰ ভাৰতৰ মাজত দীৰ্ঘ দূৰত্বৰ যাতায়াত ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে। অৱশ্যে, গুৱাহাটীলৈ সম্প্ৰসাৰিত হ’বলগীয়া কৰিড’ৰটোৰ নিৰ্দিষ্ট পথ, ষ্টেচনৰ স্থান আৰু নিৰ্মাণৰ সময়সীমা সন্দৰ্ভত এতিয়াও চৰকাৰে কোনো বিস্তৃত তথ্য প্ৰকাশ কৰা নাই।











