দানোৎসৱৰ সৈতে সংগতি ৰাখি দেওবাৰে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁও আৰু খনা বাঁহবাৰী সংযোগী পথত চফ্ৰাই নৈৰ ওপৰত ব্যক্তিগত পুঁজিৰে নিৰ্মাণ কৰা এখন গুৰুত্বপূৰ্ণ দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/11/01/884502340_16-2026-11-01-11-24-22.jpg)
উল্লেখ্য যে, অঞ্চলটোৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ লগতে চলাপথাৰ শ্যাম গাঁও আৰু খনা বাঁহবাৰীৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা দলংখনৰ বাবে প্ৰাচুৰ্য্য শ্যাম আৰু শ্ৰীযুত নিৱান চাউলুৱে আৰ্থিক বৰঙণি আগবঢ়ায়। ইয়াৰ উপৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও ব্যক্তিগতভাৱে আৰ্থিক সহযোগিতা আগবঢ়ায়।
দলংখন উদ্বোধন কৰি বিধায়কগৰাকীয়ে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যাৰ কিছু পৰিমাণে হ’লেও সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে। লগতে এনে জনকল্যাণমূলক কামত ৰাইজৰ সামূহিক প্ৰচেষ্টা, সহযোগিতা আৰু সামাজিক দায়বদ্ধতাৰ গুৰুত্বৰ কথাও উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/11/01/86966436-2026-11-01-11-24-34.jpg)
উদ্বোধনী অনুষ্ঠানত লাকুৱা আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰণৱ চাওলু, চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ সভাপতি প্য ছেং চালু, চলা জ্ঞানোদয় পালিৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শ্যাম, ৰহন শ্যাম গাঁৱৰ গাঁওবুঢ়া অনন্ত শ্যাম, সমাজকৰ্মী অনুপ শ্যামৰ লগতে বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। ব্যক্তিগত প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগিতাৰ ফলশ্ৰুতিত নিৰ্মাণ হোৱা এই দলংখনে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে।











